অসমীয়াত্বৰ যাত্ৰাত স্বকীয়তা আৰু সমন্বয়

মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি যোৱা ১২ নৱেম্বৰ,২০২৪ তাৰিখে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁৱৰ শিক্ষক গোট আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰথমটি বক্তৃতানুষ্ঠানত মুখ্য বক্তা ৰূপে উপস্থিত থাকি” অসমীয়াত্বৰ যাত্ৰাত স্বকীয়তা আৰু সমন্বয় শীৰ্ষক” বিষয়ত বক্তৃতা প্ৰদান কৰে অসমৰ বিশিষ্ট চিন্তাবিদ তথা লেখক ময়ূৰ বৰাদেৱে। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যক্ষ,সমূহ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।