Department of Assamese

“কামৰূপা মোৰ সুৱদী সুৰীয়া
অসমীয়া ভাষা জগত সভালৈ যাব
উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি
হাঁহি জ্যোতিৰূপা হ’ব “

(জ্যোতিপ্ৰসাদ আগৰৱালা)

২০১৭ বৰ্ষৰ আগষ্ট মাহত স্থাপিত হোৱা ‘পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়’, দলগাঁও, দৰঙৰ এটা অন্যতম বিভাগ হৈছে অসমীয়া বিভাগ ৷ বিজ্ঞান শাখাৰ মহাবিদ্যালয়খনত ‘অসমীয়া’ বিষয়ৰ উচ্চমান পাঠ্যক্ৰম নথকা সত্বেও অসমীয়া বিভাগটোৱে নিজস্ব স্বতন্ত্ৰতা ৰক্ষা কৰি আহিছে ৷ নিৰ্ধাৰিত পাঠ্যক্ৰমৰ সম্পূৰ্ণ জ্ঞান ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰাৰ উপৰি পাঠ্যক্ৰম বৰ্হিভূত কেতবোৰ সৃজনীশীল কাৰ্যকলাপৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আগ্ৰহী কৰি তোলাত এই বিভাগে জন্মলগ্নৰেপৰা গুৰুত্ব প্ৰদান কৰি আহিছে ৷ বিশেষকৈ, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সম্যক জ্ঞান যাতে আজিৰ প্ৰজন্মই সঠিক ৰূপত আয়ত্ব কৰিব পাৰে, এই ক্ষেত্ৰত অসমীয়া বিভাগে সযত্ন প্ৰয়াস অব্যাহত ৰাখিছে৷ ভৱিষ্যতে বিভাগটোক অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিব পৰাকৈ গৱেষণাধৰ্মী পত্ৰিকা, বাৰ্তালোচনী আদি প্ৰকাশ কৰাৰ লগতে মানবিশিষ্ট আলোচনা-সত্ৰ আদি অনুষ্ঠিত কৰাৰো লক্ষ্য আগত ৰখা হৈছে ৷

ড° সীমা ভূঞা, সহকাৰী অধ্যাপিকা
এম.এ, এম.ফিল, পি.এইচ.ডি.
আগ্ৰহী ক্ষেত্ৰ : অসমীয়া সাহিত্য আৰু লোকসংস্কৃতি

সম্পূৰ্ণ প্ৰফাইল

ভূষিতা মেধি, সহকাৰী অধ্যাপিকা তথা বিভাগীয় মুৰব্বী,
এম.এ, এম.ফিল, পি.এইচ.ডি. কৰ্মত গৱেষণাৰত
আগ্ৰহী ক্ষেত্ৰ : অসমীয়া সাহিত্য

তাম্ৰপালি ৰাজকোঁৱৰ, সহকাৰী অধ্যাপিকা,
এম.এ, এম.ফিল, পি.এইচ.ডি. কৰ্মত গৱেষণাৰত
আগ্ৰহী ক্ষেত্ৰ : তুলনামূলক সাহিত্য

সম্পূৰ্ণ প্ৰফাইল