সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী

৫ নৱেম্বৰ, ২০২২ তাৰিখে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁৱৰ অসমীয়া আৰু ইংৰাজী বিভাগৰ উদ্যোগত স্মৃতি চাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে সুধাকণ্ঠলৈ পোনতে মহাবিদ্যালয় পৰিয়ালবৰ্গই শ্ৰদ্ধাঞ্জলি যাচে। গীত-নৃত্য-আবৃত্তিৰে ছাত্র-ছাত্ৰীসকলৰদ্বাৰা সশ্ৰদ্ধ সোঁৱৰণ কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দলগাঁও অঞ্চলৰ এগৰাকী অগ্ৰণী সাংস্কৃতিক কৰ্মী তথা ডঃ ভূপেন হাজৰিকাৰ সংগীতৰ নীৰৱ সাধক শ্ৰীযুত অৱনী কুমাৰ চহৰীয়া ডাঙৰীয়া। তেখেতে ভূপেন দাৰ কেইবাটাও গীত সুমধুৰ ৰূপত পৰিবেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰে।