চিত্ৰাংকন আৰু প্ৰবন্ধ প্ৰতিযোগিতা

অহা ২০ জুন তাৰিখ ‘ৰাভা দিৱস’ উপলক্ষে অসমীয়া আৰু ইংৰাজী বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি চিত্ৰাংকন আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলে অহা ১৫ জুন তাৰিখৰ ভিতৰত তেওঁলোকৰ চিত্ৰাংকন আৰু প্ৰবন্ধসমূহ সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ সম্পাদকৰ হাতত আগতীয়াকৈ জমা দিব লাগিব ।

প্ৰবন্ধ প্ৰতিযোগিতাৰ বিষয়ঃ “বিষ্ণুপ্ৰসাদ ৰাভাৰ কৰ্ম আৰু আদৰ্শৰ প্ৰাসংগিকতা”

চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়ঃ “বিষ্ণুপ্ৰসাদ ৰাভা”

প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক ২০ জুন তাৰিখে আয়োজিত হ’বলগীয়া “ৰাভা দিৱস’’ৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হ’ব ।