গ্ৰন্থ উন্মোচন – Societal Sonnets (Vol I)

আজি আনুষ্ঠানিক ভাৱে  পণ্ডিত দীন দয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় , দলগাঁওৰ দ্বাৰা প্ৰকাশিত  আৰু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ত্ৰয় ক্ৰমে ড° কুমাৰ চন্দন জ্যোতি, মানস প্ৰতিম শৰ্মা আৰু ৰূপশিখা কলিতাৰ দ্বাৰা সম্পাদিত Societal Sonnets: Interweaving Arts and Environment শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰা হয় । অনুষ্ঠানটিত প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞা ডাঙৰীয়া উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে । অসমৰ বিশিষ্ট সাহিত্যিক , বুদ্ধিজীবী কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: দীনেশ বৈশ্য চাৰ ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী তথা অধ্যাপক ড: হৰি প্ৰসাদ শৰ্মা চাৰ আৰু ড: ৰঞ্জিতা ভট্টাচাৰ্য বাইদেউ সম্পাদনা উপদেষ্টা হিচাপে থাকি  উৎসাহ উদ্দীপনা প্ৰদান কৰাৰ বাবে  আটাইকেইজন মহান ব্যক্তিকে মহাবিদ্যালয়ৰ তৰফৰ পৰা  ধন্যবাদ জ্ঞাপন কৰা হয় ।