Freshmen Social 2023

The freshmen social of Pandit Deendayal Upadhyaya Adarsha Mahavidyala, Dalgaon was held on 18th nov, 2023 organized by Student Council, PDUAM, Dalgaon. This fresher students of Science stream and the newly opened Humanities of the college were formally welcomed on this day. The agenda of the day-long event was started with the unfurling of the college flag by honourable Principal Dr. Lakhi Prasad Hazarika. The cheif guest of the formal meeting was Dr. Jyotikamal Hazarika, the Principal of Tezpur College, and Dr. Sachindra Saharia, the President of PDUAM, Dalgaon, graced the event with their intelligible and encouraging speech. Mr. Rukmo Gohain Boruah, chairman of Assam1 Higher Secondary Council released the annual magazine of the college ‘Bikhyan’ and delivered a thought-provoking speech. An open interaction between the freshers and sophomore students was also organized on the occasion. Rasel Amin from the Physics Department and Amrina Begum from the Chemistry Department were selected as Mr. and Miss Freshers respectively. Mahabul Islam student of 5th sem, Mathematics Dept. was awarded the Best Library User for the session 2022-2023. The event was attracted by the vibrant cultural programme performed by the students of the college. In the afternoon, the programme was entertained by vocalists Sumon Raj and Dimpi Das with their lively performance added colors in the cultural programme.

যোৱা ১৮ নৱেম্বৰ,২০২৩ তাৰিখে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁৱৰ ছাত্ৰএকতা সভাৰ উদ্যোগত নৱাগত আদৰণী সভা অনুষ্ঠিত হয়৷ উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে বিজ্ঞান শাখাৰ ছাত্ৰসকলৰ লগতে মহাবিদ্যালয়ত নতুনকৈ মুকলি কৰা কলা শাখাৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰসকলকো নৱাগত আদৰণী দিয়া হয় ৷ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ শ্ৰীযুত ৰুক্ম গোহাঞি বৰুৱা, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকা আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° শচীন্দ্ৰ চহৰীয়া আজিৰ মুকলি সভাৰ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ৷ মহাবিদ্যালয় অধ্যক্ষ মহোদয়ে মহাবিদ্যালয়ৰ পতাকা উত্তোলনৰ জৰিয়তে আজিৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে৷ ৰুক্ম গোহাঞি বৰুৱাদেৱে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী ‘বীক্ষণ’ উন্মোচন কৰি ছাত্ৰছাত্ৰীক উদ্দেশ্যি এক সাৰগৰ্ভ ব্যক্তব্য প্ৰদান কৰে ৷ এই সভাতে মহাবিদ্যালয়ৰ গণিত বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ মাহাবুল ইছলামক ‘Best Library User’ বঁটা প্ৰদান কৰা হয়৷ নতুন আৰু পুৰণি ছাত্ৰসকলৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠানো অনুষ্ঠিত হয়৷ নতুনসকলে প্ৰদৰ্শন কৰা বিভিন্ন প্ৰতিভাৰ আধাৰত পদাৰ্থ বিজ্ঞান বিভাগৰ ৰাচেল আমিন আৰু আমৰিনা বেগমক প্ৰদান কৰা হয় ৷ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নৃত্য গীতৰ অনুষ্ঠানেৰে দৰ্শকক মোহাবিষ্ট কৰে৷ সাস্কৃতিক সন্ধিয়াৰ আকৰ্ষণ হিচাপে প্ৰতিভাৱান শিল্পী সুমন ৰাজ আৰু ডিম্পী দাস গীত পৰিৱেশন কৰে ৷