আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় দলগাঁৱৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC)ৰ সহযোগত ২১ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ তাম্ৰপালি ৰাজকোঁৱৰে অনুষ্ঠানটিৰ উদ্দেশ্য আৰু গুৰুত্ব ব্যাখ্যা কৰাৰ পাছত বিভাগীয় প্ৰধান ভূষিতা মেধিয়ে আদৰণী ভাষণ প্ৰদান কৰে। IQAC- ৰ সমন্বয়ক শ্ৰীযুত বৰুণ কাথাৰে মাতৃভাষাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য আগবঢ়াই শিশু এটিয়ে প্ৰথমাৱস্থাত মাতৃভাষাত শিক্ষাগ্ৰহণ কৰিলে অধিক ফলপ্ৰসূ হয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে তেওঁ বহুভাষিক শিক্ষাৰ দিশটোতো সমানে গুৰুত্ব আৰোপ কৰে৷ আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ -ছাত্ৰীসকলৰ মাজত ‘প্ৰচলিত কেতবোৰ শব্দৰ নিভাঁজ অসমীয়া ৰূপৰ লিখন’ প্ৰতিযোগিতা আৰু ‘বানান প্ৰতিযোগিতা’ৰ আয়োজন কৰা হয়। এই প্ৰতিযোগিতা দুখনি সঞ্চালনা কৰে ডঃ সীমা ভূঞাই। দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষান্মাসিকৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত সকলোৱে নিজৰ মাতৃভাষাৰ প্ৰতি দায়বদ্ধ আৰু শ্ৰদ্ধাশীল হৈ কাম কৰাৰ মানসেৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ অনুষ্ঠানটিৰ সামৰণি মৰা‌ হয়।