মহাবীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ তম্ জন্ম জয়ন্তী উপলক্ষে ১৮ নৱেম্বৰ, ২০২২ ৰপৰা ২৩ নৱেম্বৰ ২০২২ লৈকে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁৱত সপ্তাহজোৰা এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বন্তি প্ৰজ্বলনেৰে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে সমূহ শিক্ষক-শিক্ষয়িত্ৰী, গ্ৰন্থাগাৰিক, কৰ্মচাৰীবৃন্দৰ উপস্থিতিত আজি বীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই সপ্তাহজোৰা এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। অহা ১৯ নৱেম্বৰৰপৰা লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে মহাবিদ্যালয়ত ৰচনা, চিত্ৰাংকন আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।