মহাবিদ্যালয় সপ্তাহ 2020

ছাত্ৰ সংসদৰ উদ্যোগত যোৱা ইংৰাজী ২ মাৰ্চ, ২০২০ ৰপৰা ৭ মাৰ্চ ২০২০ লৈকে মহাবিদ্যালয়ে ‘মহাবিদ্যালয় সপ্তাহ’ আয়োজন কৰে৷ ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক এই তিনিটা বিভাগত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাসমূহত ছাত্ৰ ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক শক্তিৰ পূৰ্ণ প্ৰতিফলন ঘটায় ৷

২ মাৰ্চ তাৰিখে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি মাননীয় অধ্যক্ষ ড: লক্ষীপ্ৰসাদ হাজৰিকাই মহাবিদ্যালয় সপ্তাহ আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা বুলি ঘোষণা কৰে৷ ইয়াৰ পিছতে উপাধ্যক্ষ ড: প্ৰণৱ কলিতাই শ্বহীদ বেদীত স্মৃতি তৰ্পণ কৰে৷ সেইদিনাই অসমৰ বাৰে ৰহণীয়া সংস্কৃতি, জাতীয় বীৰ-বীৰাঙ্গনাসকলক মুখ্য বিষয় হিচাপে লৈ দলগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথেদি ওলোৱা সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মুগ্ধ কৰে৷ পৰৱৰ্তী দিনকেইটাতো ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ প্ৰকাশ ঘটায়৷ ৭ মাৰ্চ অৰ্থাৎ বঁটা বিতৰণী সভাৰ দিনা অধ্যক্ষ আৰু উপাধ্যক্ষ মহোদয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি দিয়া ভাষণে সকলোকে প্ৰেৰিত কৰে৷ ইয়াৰ পিছতে বঁটা বিতৰণী আৰু ছাত্ৰ ছাত্ৰীসকলৰদ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় ৷ সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বিষয়া-কৰ্মচাৰীৰ সহায়, সহযোগ আৰু অংশগ্ৰহণেৰে ২০২০ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহৰ সামৰণি পৰে

Leave a Reply

Your email address will not be published. Required fields are marked *

3 + twenty =